ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ লগতে প্ৰতিখন জিলাৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে ৷
জিলাখনত এইবাৰ বিভিন্ন ধৰণৰ বৰ্নাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱসটি হামৰেণস্থিত ৰংবং ৰংহাঙ খেলপথাৰত অনুষ্ঠিত কৰা যোজা অব্যাহত ৰাখিছে জিলা প্ৰশাসনে ৷
বিগত সময়ত জিলাখনত স্বাধীনতা আৰু গণৰাজ্য দিৱসত বিভিন্ন দল-সংগঠনে বন্ধৰ আহ্বান দিয়াৰ বিপৰীতে এইবাৰ তেনেধৰণৰ পৰিৱেশ নাই বুলি উল্লেখ কৰাৰ লগতে জনসাধাৰণৰ মনত এইবাৰ বিশেষভাৱে দেশপ্ৰেমভাৱ উদয় হৈছে বুলি প্ৰকাশ কৰে অতিৰিক্ত উপায়ুক্ত পাৰবিজ আমিনে ৷












