ষ্টাফ ৰিপ’ৰ্টাৰ:
ডবকাৰ শালবাগানত ভয়ংকৰ দূৰ্ঘটনা। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে আৰু ফলত নিহত হয় এজন। হোজাইৰ আকাশীগংগা পহৰা চকীৰ অন্তৰ্গত শালবাগানত সংঘটিত এই দূৰ্ঘটনাত নিহত হোৱা লোকজন আছিল কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পাৰকুপ পাহাৰৰ চেমসিং লেথ।
নিহত ব্যক্তিজন ব্যৱসায়িক কামত নগাঁৱৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দূৰ্ঘটনা। লোকজনৰ গাড়ীখনৰ নম্বৰ আছিল AS-01-AM-0666।
ঘটনাৰ খবৰ পাই আকাশীগংগা পহৰা চকীৰ বিষয়া নীলকমল সিংহই ততাতৈয়াকৈ লোকজনক বাহনখনৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ দিহা কৰে।













