ASSAM TIMES POST, ডিফু: সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা ছিমপ্লেক্স ইনফ্ৰাষ্টাকছাৰ লিমিটেডৰ কৰ্ম কৰ্তা সকলৰ সৈতে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এক বৈঠকত মিলিত হয় ৷
বৈঠকত জিলাখনত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীটোৰ সৈতে ডিফু চহৰৰ ডাকঘৰৰ সন্মূখত কালভাৰ্ট নিৰ্মাণ কৰা কাৰ্যৰ বাবে জমা হোৱা বৰষুণৰ পানী, পুৰ্বে নিৰ্মাণ কৰা মাঞ্জা- ডিফু পথৰ ওপৰত সৃষ্টি হোৱা গাঁত সমূহৰ মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তোলা, আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত পথ নিৰ্মাণ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে এশ শতাংশ নিশ্চিত ভাবে এজাহাৰ দাখিল কৰা আদিৰ ওপৰত বিস্তৃত আলেচনা অনুষ্ঠিত হয় দুয়ো পক্ষৰ মাজত ৷
আজিৰ বৈঠকৰ আলোচনা কালত তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰবি আংলঙৰ হৈ সাংসদ হৰেণছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, কাৰ্যবাহী সদস্য মঙলছিং তিমুঙ, তৰেন্দ্ৰ ব্ৰক্ষ্ম, অমৰছিং তিছ’, এমএচি ৰিচাৰ্ড টকবী,পৱিত্ৰ ৰংপি, লগতে ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ মুখ্য অভিযন্তা বিৰাজ বৰুৱা আৰু গোলাঘাট মহকুমাৰ গড়কাপ্তানি বিভাগৰ সহকাৰী অভযন্তা কনকলাল দাস উপস্থিত থাকে ৷

উল্লেখযোগ্য ছিমপ্লেক্স কোম্পানীৰ অধীনত মাঞ্জা- ডিফুহৈ লামডিং পথ নিৰ্মাণত ব্যাপক বিসংগতি হোৱাৰ পিছত মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ সৈতে হোৱা বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে ৷













