ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফু: সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ত্যাগ ঊৎসৱ পৱিত্ৰ ঈদ- ঊল- আজহা উদযাপন কৰা হৈছে ৷ সোমবাৰে পুৱা ৮-৩০ বজাত ডিফু মছজিদ প্ৰাঙ্গণত ঈদ ঊল আজহাৰ দুই ৰাকাত ওৱাজিব নামাজ সমপন্ন কৰা হ’য়৷ আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে ঈদৰ নামাজত ঈমামতি কৰে ৷
আজি পুৱাৰ ভাগতে ডিফুৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মালম্বী ভক্ত প্ৰাণ লোক সকলে ডিফু ধৰমনালা স্থিত মছজিদ প্ৰাঙ্গণত সমবেত হৈ ঈদৰ নমাজত অংশ গ্ৰহণ কৰে ৷ঈদৰ নমাজৰ পিছত বিশ্ব শান্তি, ঐক্য ভাতৃত্ব আৰু সমন্বয়ৰ বাবে অদৃশ্যজনৰ ওচৰত কাতৰ প্ৰাৰ্থনা কৰাৰ লগতে বিশেষকৈ এইবাৰ বানপানীত ক্ষতিগ্ৰস্থ সকলৰ বাবে আৰু মুৰ্দেগান সকলৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে ৷
ত্যাগৰ উৎসৱ পৱিত্ৰ ঈদ- উল ফিতৰৰ নামাজৰ শেষত ইজনে- সিজনক স্নেহালিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে লগতে দুখীয়া- দৰিদ্ৰ অনাথ আৰু দিব্যাংগ সকলক দান – দক্ষিণা কৰে ৷ ইয়াৰোপৰি সক্ষম লোক সকলে ত্যাগৰ উৎসৱ স্বৰূপে কোৰবানী সম্পন্ন কৰে ৷ আজি ডিফু চহৰৰ প্ৰতিখন ইছলাম ধৰ্মালম্বী লোকৰ ঘৰত আনন্দ উল্লাসময় পৰিবেশ বিৰাজ কৰিছে ৷ ইঘৰে- সিঘৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি সুস্বাধু চেৱৈ, বিৰিয়নি,পোলাও মাংস পিঠাপনা, মিঠৈ আদিৰে অতিথি আপ্যায়ণ কৰে ৷













