ASSAM TIMES POST
কাৰ্বি আংলংঃ নিৰ্ভৰযোগ্য সূত্ৰৰ গোপন তথ্যৰ ভিত্তিত ডিএনএলএৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বেটছিং জিডুং ওৰফে মাষ্টাৰ ওৰফে জন ডিমাচা জিডুঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল কাৰ্বি আংলং আৰক্ষী আৰু ১২ গৰৱালে। ইয়াৰ খেৰবাৰীত হোৱা এম্বুশ্বত জালতপৰা সন্ত্ৰাসবাদীটোৰ হাতৰপৰা আৰক্ষীয়ে এটা ৯ এমএম পিষ্টল, এটা ৯ এমএম মেগজিন আৰু তিনিটা ৯ এমএম আৰডিএছ বিস্ফোৰক জব্দ কৰে। ২৪ বছৰ বয়সীয়া সন্ত্ৰাসবাদীটোৰ ঘৰ ডিফু থানাৰ অন্তৰ্গত দাওদিখ’, চামনালা গাঁৱত।

পিতৃৰ নাম হ’ল শৰ্মা জিডুং। প্ৰথমে ইউপিএলএফৰ কেডাৰ আছিল ধৃত সন্ত্ৰাসবাদীটো। ২০১৪ চনৰ জুলাইত উক্ত সংগঠনটোত যোগদান কৰি ২০১৬ ত আত্মসমৰ্পন কৰিছিল বেটছিঙে। ইফালে ২০১৯ৰ জানুৱাৰীত ডিএনএলএত যোগদান কৰে। জানিবপৰা মতে ইয়াত সদস্যভৰ্তি আৰু তেওঁলোকৰ প্ৰশিক্ষণৰ দায়িত্বত আছিল জিডুং।
জিডুং আছিল অস্ত্ৰচালনাত পাৰ্গত কেডাৰ। কৰ্পৰেল পৰ্যায়ৰ ডিডুঙে ১৯৯১ নং আৰ্মিৰ প্ৰশিক্ষকৰ দায়িত্বও পালন কৰি আহিছিল। আৰক্ষী সূত্ৰই জনোৱা মতে, ধনদাবীত জড়িত জিডুঙে এনএছচিএন(আইএম)ৰে অস্ত্ৰ ক্ৰয়ত জড়িত আছিল। মন কৰিবলগীয়া কথাটো হ’ল শেহতীয়াভাৱে ডিএনএলএয়ে এটা ভিডিঅ’ প্ৰকাশ কৰিছিল আৰু তাত জিডুঙে পৃথক ডিমাছা ৰাজ্য গঠনৰ কাৰণে ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনাইছিল।













