ষ্টাফ ৰিপ’ৰ্টাৰ:
দশমীৰ নিশা কৰিমগঞ্জৰ বদৰপুৰত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ বাসগৃহতেই ষাঠি বছৰীয়া মাছুকুৰ ৰহমান নামৰ বৃদ্ধক দাৰে ঘপিয়াই হত্যা কৰা হয়। ভাংগা এলেকাৰ দক্ষিণকুল গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড।
ঘটনাস্থলীত বদৰপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জৰ অসামৰিক হাস্পাতলত প্ৰেৰণ কৰে। উল্লেখ্য যে, মৃতকৰ পত্নীৰ অভিযোগ অনুসৰি গাঁৱৰ হামিদ আৰু গণি নামৰ লোক দুজনে হত্যা কৰে তেওঁৰ স্বামীক। ঘটনা সন্দৰ্ভত নিজ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।