ষ্টাফ ৰিপ’ৰ্টাৰ:
লখিমপুৰৰ কন্যা বৰ্ণালী গগৈ হ’ল অসমৰ প্ৰথম গৰাকী ভাৰতীয় বায়ু সেনা বাহিনীৰ উইং কামাণ্ডাৰ পদত অধিষ্ঠিত মহিলা ৷
১৯৯৬ চনৰ ২৭ মে’ত পাইলট অফিচাৰ হিচাপে যোগদান কৰা বৰ্ণালী ১৯৮৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠদশ স্থান দখলেৰে কটন মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা সমাপ্ত কৰি প্ৰথমে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সোনৰ পদকেৰে স্নাতক আৰু তাৰপিছত বিৰলা ইনষ্টিটিউটৰপৰা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷
লখিমপুৰৰ প্ৰয়াত প্ৰেমধৰ গগৈ আৰু অঞ্জলী গগৈৰ কন্যা বৰ্ণালী গগৈ ৷













