ASSAM TIMES POST
ডিফুঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলং আৰক্ষী আৰু সেনাৰ ১২ গাৰোৱালৰেজিমেণ্টৰ যৌথ অভিযানত কাৰ্বি আংলঙৰ সদৰ ডিফুৰ ধনশিৰি এলেকাৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ এটা দুৰ্ধৰ্ষ ডিএনএলএ কেডাৰক আটক কৰা ঘটনাক লৈ এলেকাটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই এক সংবাদমেলত জনোৱা মতে ধনশিৰি খেৰবাৰী এলেকাত উগ্ৰপন্থী সদস্য বেটচিং জিডুঙ ওৰফে মাষ্টাৰ ওৰফে জন ডিমাছা জিডুঙে অৱস্থান কৰি থকাৰ তথ্যৰ ভিত্তিত অভিযান আৰম্ভ কৰি সেনা-আৰক্ষীৰ দলটোৱে খাপপিটি উগ্ৰপন্থীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উগ্ৰপন্থীটোৰপৰা অভিযানকাৰী দলটোৱে ১ টা ৯ এমএম পিষ্টল, এটা মেগজিন আৰু তিনিজাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷
বেটচিং জিডুঙ ওৰফে মাষ্টাৰ(২৪) ডিফু থানাৰ অন্তৰ্গত দাওদিখৌ ছামনালা গাঁৱৰ শৰ্মা জিডুঙৰ পুত্ৰ৷ ধৃত জিডুঙ ২০১৪ ৰ পৰা ২০১৬ লৈকে সশস্ত্ৰ সংগঠন ইউপিএলএফৰ সক্ৰিয় সদস্য আছিল৷ তাৰ পাছত আত্ম সমৰ্পণ কৰিও পুনৰ ডিএনএলএ সংগঠনত যোগদান কৰে৷ সংগঠনটোত ভৰ্তি হোৱা নতুন কেডাৰৰ প্ৰশিক্ষণ, অস্ত্ৰ প্ৰশিক্ষণৰ লগতে সংগঠনৰ আৰ্মি নং ১৯৯১গঠনটো প্ৰশিক্ষাৰ্থী ৰূপে নিয়োজিত আছিল বুলি তেওঁ উল্লেখ কৰে৷
ইয়াৰোপৰি ধৃত উগ্ৰপন্থীটো বিভিন্ন ধনদাবীৰ লগত জড়িত থকাৰ লগতে এনএছচিএন (আইএম)ৰ সৈতে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহতো লিপ্ত আছিল বুলি সন্দেহ প্ৰকাশ কৰে৷ আনহাতে ধৃত জিডুঙে নিৰ্মাণ কৰা ভিডিঅ’ ৰ জৰিয়তে ডিমাছা সকলক পৃথক ৰাজ্যৰ বাবে একত্ৰিত হোৱাৰ আহ্বান জনাই বুলিও উল্লেখ কৰি অধিক তথ্যৰ বাবে ধৃত কেডাৰজনক জেৰা অব্যাহত ৰাখিছে বুলি তেওঁ জনায়।












