![]()
নিউজ ডেস্কঃ
আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে অষ্ট্ৰেলিয়াৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ শ্বেন ৱাটছনে। ৩৯ বছৰ বয়সত তেওঁ আজি আন্তর্জাতিক ক্রিকেটক বিদায় জনালে। এক টুইটযোগে তেওঁৰ অৱসৰৰ কথা প্ৰকাশ কৰে।
টুইটটোত ৱাটছনে কয়, ‘‘অৱসৰ জীৱন কঠিন হ’ব৷ এক সপোনৰ দৰে আছিল মোৰ এই যাত্ৰা। আগন্তুক দিনবোৰ যাতে অতি ভালদৰে কটাব পাৰো তাৰ চেষ্টা কৰিম।’’
উল্লেখযোগ্য যে অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় দলৰ জাৰ্চি পিন্ধি ২০০২ চনত প্রথম খেলপথাৰত নামিছিল ৱাটছন। তেওঁৰ ১৮ বছৰৰ ক্ৰিকেট কেৰিয়াৰত ২০০৭ আৰু ২০১৫ চনত দুখনকৈ বিশ্বকাপৰ সদস্য আছিল। তেওঁ চাৰিটা শতকেৰে ৫৯খন টেষ্টত সংগ্রহ কৰে মুঠ ৩৭৩১ ৰান। আনহাতে, ১৯০খন এদিনীয়া মেচত তেওঁ সংগ্ৰহ কৰিছে মুঠ ৫৭৫৭ ৰান। ইয়াৰে ভিতৰত ৯টা শতক আৰু সর্বোচ্চ ৰান অপৰাজিত ১৮৫। একেদৰে টি-২০ ফৰ্মেটত ৫৮খন মেচত অংশগ্ৰহণ কৰি এটি শতকসহ মুঠ ৰান কৰিছে ১৪৬২৷ উইকেট লাভ কৰে ৪৮টা।
আইপিএলত চেন্নাই ছুপাৰ কিংছৰ অম্যতম সদস্য। ৱাটছনে মুঠ ১৪৫খন মেচত সংগ্ৰহ কৰিছে ৩৮৭৪ ৰান।













