![]()
নিউজ ডেস্কঃ
অস্ত্রোপচাৰ সফল ডিয়েগো মাৰাডোনাৰ। মস্তিষ্কত ৰক্ত জমা হোৱাত যোৱা সোমবাৰে লা প্লাটাৰ ইপেন্সা ক্লিনিকত ভর্তি কৰা হৈছিল মেক্সিকো বিশ্বকাপৰ মহানায়কক। চিকিৎসকে জনোৱা মতে, অস্ত্রোপচাৰৰ পিছত মাৰাডোনাৰ শাৰীৰিক অৱস্থা বৰ্তমান স্থিতিশীল।
উল্লেখ্য যে ৩০ অক্টোবৰত ৬০ সংখ্যক জন্মদিন পালন কৰে আর্জেন্টিনাৰ প্ৰবাদপ্ৰতিম ফুটবলাৰগৰাকীয়ে। তাৰ পিছতেই মাৰাডোনাক হস্পিটেলত ভর্তি কৰাবলগা হোৱাত উদ্বেগৰ সৃষ্টি হয়। মাৰাডোনাৰ চিকিৎসক লিয়োপোলডোই জনোৱা মতে, “মাৰাডোনাৰ মূৰত ৰক্ত জমা হৈছিল। সেয়া আমি আঁতৰালো। অস্ত্রোপচাৰৰ পিছত মাৰাডোনা বৰ্তমান ভালেই আছে। তেওঁক পর্যবেক্ষণত ৰখা হৈছে।”













