ASSAM TIMES POST
ডিফুঃ সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফুটো উলহ-মালহেৰে পালন কৰা হয় দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। ডিফু চৰকাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

ইয়াৰ পাছতে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পেৰেডত অভিবাদন গ্ৰহণ কৰে স্বায়ত্তশাসিত জিলাৰ সাংসদ হৰেণ সিং বে’, চিইএম ৰংহাং, উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলে।

তদুপৰি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লগতে বিভিন্ন সাংস্কৃতিক দলসমূহে পৰিবেশন কৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।

পতাকা উত্তোলনৰ পূৰ্বে ডিফুৰ গান্ধী পাৰ্কস্থিত মহামানৱ মহাত্মা গান্ধীৰ মূৰ্তিত মাল্যাৰ্পণ কৰা হয়। উল্লেখযোগ্য যে নেৰানেপেৰা বৰষুণৰ মাজতে চিইএম তুলিৰাম ৰংহাঙে পতাকা উত্তোলন কৰাৰ লগতে ভাষণো প্ৰদান কৰে।













