ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেণতো উলহ-মালহেৰে পালন কৰা হয় দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। হামৰেণৰ পুৰণা বজাৰস্থিত ৰংবং ৰংহাং খেলপথাৰত আয়োজিত এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত ছৈয়দ ইস্ফাকুৰ ৰহমানে৷
ইয়াৰ পাছতে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পেৰেডত অভিবাদন গ্ৰহণ কৰে উপায়ুক্ত তথা স্থানীয় বিধায়ক ডাঃ মানছিং ৰংপি, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলে। তদুপৰি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লগতে বিভিন্ন সাংস্কৃতিক দলসমূহে পৰিবেশন কৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।
তাৰ পাছতে উপায়ুক্তৰ লগতে বিধায়ক মানছিং ৰংপিয়ে হামৰেণ চিকিৎসালয়লৈ গৈ ৰোগীসকলক আৰু হামৰেণ কাৰাগাৰত থকা কয়দীসকলৰ মাজত ফল-মূল বিতৰণ কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষতকৈ এইবাৰ স্বাধীনতা দিৱসত স্বতঃস্ফূৰ্তভাৱে স্থানীয় লোকে অংশগ্ৰহণ কৰিছে৷












