![]()
নিউজ ডেস্কঃ
অসমবাসীলৈ সুখবৰ। তেজপুৰৰ লিচুৱে লাভ কৰিছে GI স্বীকৃতি। তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ পৰুৱাত অৱস্থিত ২৫ বিঘাৰ বৃহত্তৰ লিচু বাগানে প্ৰতি বছৰে পুৰাই আহিছে থলুৱা আৰু দেশী-বিদেশী গ্ৰাহকৰ চাহিদা। চাহিদাযুক্ত এই লিচু বাগানত মুঠ ৬ জাতৰ লিচু ক্ৰমে বোম্বেইয়া, বিলাতী, ইলাচী, পিঁয়াজী, ৰঙীয়া আৰু হালধীয়া জাতৰ লিচু আছিল। উক্ত ৬ জাতৰ ভিতৰত বোম্বেইয়াৰ মূল্য সৰ্বাধিক; বিগত বৰ্ষত “নিপা” ভাইৰাছ হোৱা স্বত্বেও একোটা বোম্বেইয়া জাতৰ লিচু বিক্ৰী হৈছিল ৩৫ টকাত। কিন্তু, ক’ৰোণা মহামাৰীৰ সময়ছোৱাত বোম্বেইয়া লিচু বিক্ৰী হৈছিল ১৫ টকাত আৰু বিলাতী জাতৰ লিচু বিক্ৰী হৈছিল ১২ টকাত।
উল্লেখ্য যে, ৬ উন্নত জাতৰ ভিতৰত সৰ্বাধিক চাহিদা থকা ৪ উন্নত জাতৰ লিচু (২২০০টা) এইবেলি ক্ৰয় কৰে বলিউদৰ মেগাষ্টাৰ বিগ বি অমিতাভ বচ্চনে৷ কিন্তু বছৰত এবাৰেই লাভৰ মুখ দেখা লিচুৰ খেতিয়কে কোৰোনা তথা ল’ক ডাউনৰ প্ৰভাৱত গ্ৰাহকৰ সংখ্যা কম হোৱাত লোকচানৰ সন্মুখীন হয়। পিছে শেহতীয়াকৈ তেজপুৰৰ লিচুৱে GI Tag লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে লিচু খেতিৰে জড়িত কৃষকসকলে ৷ স্বাভাৱিকতে এই খবৰে আনন্দিত কৰি তুলিছে তেজপুৰবাসীকো।













