![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও : “অসমৰ সেউজীয়া চাহে যৌৱন অক্ষুণ্ণ ৰখাৰ লগতে ৰোগ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।” এই মন্তব্য আমেৰিকাস্থিত নৰ্থ দাকোতা ষ্টেট ইউনিভার্ছিটিৰ চিভিল এণ্ড এনভাইৰনমেন্টেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক অচিন্ত্য বেজবৰুৱাৰ। নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আজি অনলাইন যোগে অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰামৰ্শ দাতাৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ নৱ মনোনীত আন্তৰাষ্ট্ৰীয় পৰামৰ্শদাতা অধ্যাপক অচিন্ত্য বেজবৰুৱাৰই অসমত উৎপাদিত সেউজীয়া চাহ সম্পৰ্কত এই মন্তব্য আগবঢ়াই অসমৰ চাহৰ গুণগত মানৰ ওপৰত অধিক গৱেষণাৰ পোষকতা কৰে।
অন্তৰঙ্গ আলাপ অনুষ্ঠানত অধ্যাপক বেজবৰুৱাই নগাঁও মহাবিদ্যালয়ৰ শিক্ষা, গৱেষণা আৰু বৰ্হি সংযোগ কাৰ্যক্ৰমৰ জৰিয়তে বিশ্ব দৰবাৰত স্থান সুনিশ্চিত কৰিবৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। তেওঁ অসমৰ বিভিন্ন স্থানৰ ভূগৰ্ভৰ পানীত থকা আৰ্চেনিক আৰু ফ্ল’ৰাইডৰ ওপৰত গৱেষণাৰ পোষকতা কৰে।

আনহাতে সময় আৰু সম্পদৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি অধ্যাপকগৰাকীয়ে সীমিত সংখ্যক মানুহৰ মাজত সাফল্য লাভৰ জৰিয়তে বহুসংখ্যক মানুহৰ মাজত কেনেকৈ সাফল্য আনিব পাৰি সেই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। ছাত্ৰ-ছাত্ৰীসকলক মনোৰঞ্জনৰ জৰিয়তে শিক্ষা প্ৰদান কৰিবলৈ তেওঁ অধ্যাপক-অধ্যাপিকাসকলক পৰামৰ্শ আগবঢ়ায়।
ড: ভুৱন চন্দ্র চুতীয়াই আঁত ধৰা অন্তৰঙ্গ অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে অধ্যাপক বেজবৰুৱাক উষ্ম আদৰণি জনায়। আদৰনি ভাষণত অধ্যক্ষ ড: বৰকটকীয়ে শিক্ষা, গৱেষণা আৰু প্ৰসাৰৰ ক্ষেত্রত নগাঁও মহাবিদ্যালয়ে নিজৰ স্থান প্ৰতিষ্ঠা কৰিবৰ বাবে বিভিন্ন ধৰণৰ পৰামৰ্শৰ বাবে অধ্যাপক বেজবৰুৱাক অনুৰোধ জনায় ।
অন্তৰঙ্গ আলাপ অনুষ্ঠানত মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকাই বেজবৰুৱাৰ লগত মত-বিনিময় কৰাৰ লগতে সম্ভাব্য গৱেষণাৰ পটভূমি সম্পৰ্কত আলোচনা কৰে।
ইয়াৰ পূর্বেও লণ্ডনস্থিত কিংছ কলেজৰ প্ৰাক্তন অধ্যাপক, শিক্ষাবিদ ষ্টুৱাৰ্ড মিলিগান আৰু ছুইজাৰলেণ্ডৰ জুৰিশ বিশ্ববিদ্যালয়ৰ অধ্যাপক জগন্নাথ বিশ্বকৰ্মাই এনেধৰণৰ অন্তৰঙ্গ অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰামৰ্শ আগবঢ়ায়।













