![]()
ছাইদুল ইছলাম
ডিফু : নামবৰ নদী চাহ বাগিছাৰ জালিয়াতী বিক্ৰী গোচৰত সাঙুৰ খোৱা প্ৰাক্তন প্ৰৱন্ধক এজনক কাৰবি আংলং আৰক্ষীয়ে আটক কৰাত সমগ্ৰ ঘটনা এক নতুন মূৰ লৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বোকাজান মহকুমাৰ অন্তৰ্গত নামবৰ নদী চাহ বাগিছাখন জালিয়াতিৰে ক্ৰয়-বিক্ৰয়ৰ কেলেংকাৰীৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কালি বৰপথাৰ আৰক্ষীয়ে চৰাইদেউ জিলাৰ পৰা আটক কৰে বাগনখনৰ তদানীন্তন প্ৰৱন্ধক ৰুচিনাথ চাংমাইক। চৰাইদেউ জিলাৰ সাপেখাটী আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰাজান চাহ বাগিছাৰ প্ৰৱন্ধক হিচাপে যোগদান কৰিছিল ৰুচিনাথ চাংমাইয়ে আৰু উক্ত বাগিছাখনৰ কোৱাটাৰৰ পৰাই কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষীয়ে আটক কৰে চাংমাইক। আৰক্ষীয়ে চাংমাইৰ পৰা জব্দ কৰে ১৪ লাখ ২৮ হাজাৰ টকাৰ নগদ ধন।
উল্লেখ্য যে যোৱা ৩০ অক্টোবৰত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদল বলে বাগিছাখনত উপস্থিত হৈ বাগিছাখন তেওঁৰ ভাতৃ ৰবিৰাম ৰংহাঙে ক্ৰয় কৰা বুলি দাবী কৰাৰ পাছতেই বাগিছাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ অভিযোগ অনুসৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ লগত বাগিছাখনৰ ক্ৰয়-বিক্ৰয়ৰ সকলো কাম সুচাৰুৰূপে সম্পন্ন হ’লে কেলেংকাৰীৰ মূল অভিযুক্ত জনৈক ৰক্তিম হাজৰিকাই প্ৰৱন্ধক ৰুচিনাথ চাংমাইক ২ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
ইতিমধ্যে হাজৰিকাই ১৫ লাখ টকা চাংমাইক আগধন হিচাপে দিছিল বুলিও জানিব পৰা গৈছে। আজি বোকাজানত সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপাত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয় যে, সমগ্ৰ ঘটনাটোৰ তদন্ত বৰ্তমান প্ৰাথমিক পৰ্যায়ত অব্যাহত আছে আৰু ২০১৯ৰ আগষ্ট মাহৰ পৰা বাগিছাখনৰ ক্ৰয়-বিক্ৰয়ৰ সমগ্ৰ প্ৰক্ৰিয়াটো চলি আছিল।
ঘটনা সন্দৰ্ভত বৰপথাৰ আৰক্ষী থানাত ৭১, ৭২, ৭৩ আৰু ৭৪ নম্বৰৰ চাৰিটা কেচ ৰুজু হোৱাৰ কথা জানিবলৈ দি বাগিছাখন মুঠ ১৬ কোটি টকাৰ মূল্যত বিক্ৰী কৰিবলৈ বন্দোবস্তি কৰাৰ লগতে ইতিমধ্যে ৯ কোটি টকা কেইবাটাও কিস্তিত প্ৰদান কৰা হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে অতি হাইপ্ৰফাইল সমগ্ৰ কেলেংকাৰীটোৰ লগত জড়িত সকলো দোষীকে অতি শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।
উল্লেখ্য যে আজি বৰপথাৰ আৰক্ষীয়ে চাংমাইক বোকাজান মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই পুনৰ নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে।











