ষ্টাফ ৰিপ’ৰ্টাৰ:
নিউ পাণবাৰীত সংঘটিত হৈছে শোকাৱহ পথ দূৰ্ঘটনা। ধুবুৰী-কোকৰাঝাৰ সীমান্তৰ নিউ পাণবাৰীত বাছ আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে দুই ট্ৰেক্টৰ চালক ক্ৰমে আবুল হুচেইন আৰু শ্ৰমিক গিয়াছ উদ্দিন আহমেদ।
যাত্ৰীবাহী বাছখন ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখৰ গৈ থকা অৱস্থাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দূৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় ৰাইজৰ মতে, পৰিবহণ বিভাগৰ পেট্ৰ’লিং গাড়ী প্ৰত্যক্ষ কৰি দুয়োখন বাহনেৰে তীব্ৰ গতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই এই দূৰ্ঘটনা সংঘটিত হয়।













