![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ ৰামপুৰ গাঁৱৰ পুৰনা কাকী গাঁও পঞ্চায়তৰ অন্তৰ্গত এগৰাকী মহিলাই পোৱা নাই অৰুণোদয় আঁচনি। বিয়া নোহোৱা লক্ষী পানিকা নামৰ মহিলাগৰাকীয়ে বহু কষ্টৰে ২০০ টকা দি দুবাৰকৈ অৰুণোদয় আঁচনি নামত আবেদন কৰিছিল যদিও পুৰণা কাকী পঞ্চায়তৰ সচীৱগৰাকীয়ে মহিলাগৰাকীয়ে কৰা আবেদনখন উভতাই দিয়ে।
এতিয়া কথা হ’ল সহনশীলতা কথা কোৱা চৰকাৰখনৰ দিনত প্ৰকৃত হিতাধিকাৰী পাব নে অৰুণোদয় আঁচনিৰ সুবিধা।
ধন নিদিলে লাভ নকৰে প্ৰকৃত হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা এই অভিযোগ আমাৰ নহয় এগৰাকী প্ৰকৃত হিতাধিকাৰী যিয়ে লাভ কৰা নাই অৰুণোদয় আঁচনি সুবিধা।
এতিয়া আচল কথা লৈ আহো, লক্ষী পানিকা নামৰ দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱা মহিলাগৰাকীয়ে একাংশ দালালক ২০০ টকা দিয়াৰ পিছতো চৰকাৰে দুখীয়াসকলক দিয়া অৰুণোদয় আঁচনি পাবলৈ সক্ষ্যম নহ’ল।
এই বিষয় বিভাগীয় কৃৰ্তপক্ষই তদন্ত কৰি দৰিদ্ৰ পৰিয়ালসমূহক অৰুণোদয় অঁচনিৰ দিয়াটো প্ৰয়োজন।












