ASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে জন্ম হ’ল এক নতুন সংগঠন কাৰ্বি আংলং পিপুলচ ৰাইট প্ৰটেকছন কমিটি চমুকৈ কেএপিপিচিৰ৷ শুকুৰবাৰে ডিফু স্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰী কৰে নৱগঠিত সংগঠনটোৰ নেতাসকলে৷
ভাৰতীয় সংবিধানে ষষ্ঠ অনুসূচীৰ জাতিৰ বাবে প্ৰদান কৰা সুবিধা সমূহৰ সুৰক্ষা প্ৰদান আৰু সম্মান কৰাটোৱেই হ’ব সংগঠনটোৰ মূল লক্ষ্য৷ ম’লেন টেৰণক সভাপতি আৰু ব্ৰিডষ্টম টেৰাঙক সাধাৰণ সম্পাদক হিচাপে লৈ কেএপিপিচিৰ ৪৪ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই৷
সংগঠনটোৰ শীৰ্ষ নেতাদ্বয় ম’লেন টেৰণ আৰু ব্ৰিডষ্টম টেৰাঙে সংগঠনটোৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি কয় যে স্বায়ত্ত ৰাজ্যৰ দাবী, ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত সুবিধা অনুসৰি খিলঞ্জীয়াৰ অধিকাৰ, সুৰক্ষাৰ সংগ্ৰাম, কাৰ্বি আংলঙৰ সীমাঞ্চলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বেদখলৰ বিৰুদ্ধে সংগ্ৰাম, কাৰ্বি আংলঙৰ ৰাইজৰ সাংস্কৃতিক, ভাষিক, আৰ্থসামাজিক পৰিচয়, খাদ্যাভ্যাস, ৰাজনৈতিক পৰিচয় সুৰক্ষিত কৰাৰ সংগ্ৰাম, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ ছেনচিটিভ জ’ন কৰাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকৃত সীমা নিৰ্ধাৰণ কৰা আদি ৯ টাকৈ লক্ষ্য শিৰোধাৰ্য কৰি সংগঠনটোৱে সংগ্ৰামত অগ্ৰসৰ হৈছে বুলি জানিবলৈ দিয়ে৷













