![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীন চন্দ্র দাসৰ গ্ৰন্থ ‘হেৰাই যোৱা সময়ৰ দস্তাবেজ’ যোৱা ৯ নৱেম্বৰত শুভ উন্মোচন কৰা হয়। ৰজাবাৰীৰ শিক্ষক ভৱনত বোকাখাত প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি লক্ষ্য বড়িৰ সভাপতিত্বত অনুষ্ঠিত অনুস্থানত গ্ৰন্থখনি উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক, জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। গ্ৰন্থখন উন্মোচন কৰি দত্তই কয় যে কৰ’না কালৰ নেতিবাচক দিশক একাষৰীয়া কৰি নবীন চন্দ্র দাসৰ ইতিবাচক পদক্ষেপৰ ফচল ‘হেৰাই যোৱা সময়ৰ দস্তাবেজ’। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰণে বন্তি প্ৰজ্বলন কৰি শিক্ষকসকলক সৃজনশীল কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানতে বোকাখাতৰ বিভিন্ন বিদ্যালয়ত শেহতীয়া নিযুক্তি লাভ কৰা নৱ প্ৰজন্মৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি তথা সদৌ ভাৰত প্ৰাথমিক শিক্ষক সংঘৰ সহকাৰী সম্পাদক জীৱন চন্দ্র বৰাই কয় যে পুৰণি শিক্ষকক ক্ৰমে কমি অহাত প্ৰাথমিক শিক্ষাৰ গুৰু দায়িত্ব গ্ৰহন কৰাৰ দায়িত্ব ন উদ্যমেৰে নৱ-প্ৰজন্মৰ নতুন শিক্ষকে ল’ব লাগিব। সততাৰে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী শিক্ষকৰ সৰ্বতোপ্ৰকাৰ সুৰক্ষাৰ চিন্তা চৰকাৰৰ সহযোগত সন্মিলনীয়ে কৰিব বুলিও নিশ্চয়তা প্ৰদান কৰে।













