![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ বিশিষ্ট শিক্ষক কনক দলেলৈ আগবঢ়াইছে ছ’চিয়েল হিউমেন ৰাইটছে “অফ বিগ এচিভমেন্ট” প্ৰমাণ-পত্ৰ। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদান কৰা এই বঁটাৰ বাবে কনক দলেলৈ বোকাখাতবাসীয়ে অভিনন্দন জ্ঞাপন কৰিছে। সাহিত্য আৰু শৈক্ষিক দিশত আগবঢ়োৱা সেৱাৰ বাবে প্ৰদান কৰিছে এই সন্মান। কেইবাখনো গ্ৰন্থ ৰচনা কৰা কনক দলে এগৰাকী কৃতি শিক্ষক। শিক্ষক সংগঠনৰ ভালেমান গুৰু দায়িত্ব সূচাৰুৰূপে সম্পন্ন কৰা দলে বোকাখাত মিচিং সাহিত্য সভাৰো উপদেষ্টা।
ইতিপূৰ্বে দলেই দিগদৰ্শন প্ৰকাশনৰ বঁটাৰ লগতে ডঃ বাবাচাহেব আম্বেদকাৰ নেচনেল ফেলশ্বিপ বঁটা লাভ কৰিও বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে।













