![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙত অতি সংগোপনে ৰূপায়িত হ’ব ধৰা পঞ্চায়তীৰাজৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি সৰৱ হৈ পৰা পৰিলক্ষিত হয় কাৰবি আংলঙৰ বিৰোধী ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচি ৷
আজি ডিফুস্থিত ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মুখত এপিএইছএলচিৰ নেতা-কৰ্মীসকলে হাতে হাতে কাৰবি আংলঙৰ ভোটাৰ তালিকাৰ পৰা অজনজাতীয়সকলৰ নাম কৰ্তন কৰক, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২(৭) অনুসৰি ভোটাৰ তালিকা প্ৰস্তুত কৰক, পঞ্চায়তী ৰাজ নচলিব, বাংলাদেশী গ’বেক, বংগ সেনা হুচিয়াৰ সম্বলিত শ্লোগান সম্বলিত পষ্টাৰ, বেনাৰ ফেষ্টুন আদি লৈ উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে৷
সংগঠনটোৰ শীৰ্ষ নেতা আংতং ইংতিয়ে সাংবাদিকৰ আগত কয় যে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ জ্ঞাতসাৰে আৰু কাৰবি আংলঙৰ জনজাতীয় লোকসকলক এন্ধাৰত ৰাখি অতি সংগোপনে জিলাখনত পঞ্চায়তী ৰাজ ব্যৱস্থা চলাই গৈছে ৷
নগাঁও, হোজাই আদি জিলাৰ পৰা অজ্ঞাত লোক আৰু ব্যক্তিগত কোম্পানীসমূহ কাৰবি আংলঙৰ গ্ৰামাঞ্চলত প্ৰৱেশ কৰি স্থায়ী ঘৰৰ নম্বৰৰ প্লেট লাভ কৰিছে, যাৰ উত্তৰ বিচাৰি গ’লে কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব, সচিব ভিডিঅ ই সদুত্তৰ দিব নোৱাৰে ৷
কোনে সদুত্তৰ দিব বুলি প্ৰশ্ন কৰে নেতাগৰাকীয়ে ৷ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত সুবিধা অনুসৰি কাৰবি আংলঙত নিজাববীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আইন প্ৰস্তুত কৰি ৰাজ্যপালৰ অনুমোদনৰ বাবে পঠিয়াব নোৱাৰা পৰিষদখনে অসম নিৰ্বাচন আয়োগৰ জৰিয়তে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰচলন কৰাতহে উঠি পৰি লাগিছে ৷ এই সন্দৰ্ভত কাৰবি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়৷
আনহাতে কাৰবি আংলঙ ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ ভুক্তভোগীৰ ভূমিৰ ক্ষতি পূৰণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ পৰিষদৰ একাংশ কাৰ্যবাহী সদস্যই স্থানীয় লোকসকলক ভূমি পট্টা বনাই দিব বুলি কৈ ভুক্তভোগীসকলক আভুৱা ভাৰিছে বুলি কয় ৷ প্ৰকৃত মাটিৰ মালিকে ক্ষতিপূৰণৰ ধন বা পট্টা পোৱা নাই ৷ সেয়ে প্ৰকৃত হিতাধিকীৰীয়ে পট্টা নোপোৱালৈকে এপিএইছএলচিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি কয় ৷
ইফালে বড়োলেণ্ডৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই বড়োলেণ্ডত অজনজাতীয় লোকসকলে মাটিৰ কিনা-বেচা কৰিব পাৰিব বুলি কৰা মন্তব্য কৰা মন্ত্ৰীগৰাকীৰ ষষ্ঠ অনুসূচী বিৰোধী, সংবিধান বিৰোধী বুলি আখ্যা দিয়াৰ লগতে এনে মন্তব্য দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷











