ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলঙৰ পিচিআৰ বস্তিত কুণ্ডা ভৰ্তি ট্ৰাক জব্দ কৰে বন বিভাগে। উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ে আগ্ৰাসনৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে অবৈধ বন ধ্বংস৷
সেয়ে পুনৰ মুকৈৰাম উপ-আৰক্ষী চকীৰ অন্তৰ্গৰ পিচিআৰ বস্তিত কুণ্ডাসহ ট্ৰাক জব্দ কৰা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক৷ জানিবপৰামতে এক গোপন সূত্ৰৰ পম খেদি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইচাহাক আলিৰ নেতৃত্বত যোৱা এটি দলে পিচিআৰ বস্তিৰ পৰা জব্দ কৰে কুণ্ডা সহ মেঘালয়ৰ পঞ্জীয়নভুক্ত (নং: ML04 6279) শক্তিমান ট্ৰাক৷
যদিও চালক-হেন্দিমেনে ট্ৰাকখন এৰি পলায়ন কৰে। জব্দ কৰা কুণ্ডাখিনিৰ বজাৰ মূল্য আনুমানিক তিনিলক্ষাধিক হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। উল্লেখযোগ্য যে সীমান্তৱৰ্তী অঞ্চলটোত দীৰ্ঘদিন ধৰি অব্যাহত আছে মেঘালয়ৰ বন ধ্বংস, কুণ্ডা সৰবৰাহৰ অবৈধ কাৰ্য।












