![]()
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা অসমবাসীক উপলুঙা অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাৰ। স্বতঃস্ফূৰ্তভাৱে শদিয়া পৰা ধুবুৰীলৈ ৰাইজে গঢ়ি তোলা প্ৰতিবাদক গান-নাচ আৰু টায়াৰ জ্বলোৱা আন্দোলন আখ্যা।
আন্দোলনটোত অংশগ্ৰহণ কৰা গৰিষ্ঠ সংখ্যক লোকৰ চেহেৰা-কথা বতৰা কংগ্ৰেছ-AIUDFৰ বুলি কটাক্ষ কৰে। লগতে কয় সম্পত্তি বিনষ্ট কৰাত তেওঁলোকে জড়িত।
দলৰ মুখ্য কাৰ্যালয়ৰ এক যোগদান অনুষ্ঠানত উপস্থিত থাকি সভাপতি বৰাই আৰু কয়- “কা’ বাতিলৰ বাবে গান-নাচ, ৰাস্তাত টায়াৰ জ্বলাই কেন্দ্ৰীয় চৰকাৰক সৈমান কৰিব নোৱাৰি। দিল্লীয়ে কেৱল ৰাজনৈতিক পৰিৱৰ্তনলৈ ভয় কৰে। আইন-আদালতৰ কথা জানিও একাংশই আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা বাবে আন্দোলনৰ কৰিছিল”।
“অসম চুক্তিৰ আত্মাস্বৰূপ ৬নং দফা ৰূপায়ণ কৰাৰ স্বাৰ্থত বিজেপি লগত মিত্ৰতা কৰিছোঁ। এককভাৱে চৰকাৰ গঠন কৰাটো সম্ভৱ নহয়”- বৰাই কয়।
অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ হ’লে অগপক নিঃশেষ কৰা ষড়যন্ত্ৰ কিয় বুলিও নৱ-গঠিত আঞ্চলিক দললৈ প্ৰশ্ন উত্থাপন কৰে বৰাই। তেওঁ কয়- অগপলৈ ভাল দিন আহিব। আৱেগ নহয় যুক্তিৰে আগবাঢ়িব লাগিব।













