ASSAM TIMES POST
হামৰেণঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেণস্থিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰদ্বাৰা এদিনীয়াকৈ পশুপালনৰ ওপৰত এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়৷ জিলাখনত গৰু, ছাগলী আৰু গাহৰি পালনেৰে কেনেদৰে সাধাৰণ ৰাইজ স্বাৱলম্বী হ’ব পাৰে তাৰ ওপৰত প্ৰদান কৰা প্ৰশিক্ষণত হামৰেণ অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক অংশগ্ৰহণকাৰী উপস্থিত থাকে৷ পাহাৰীয়া জিলাখনত বিশেষকৈ গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ পথ সুচল হৈ থকাৰ বাবে এই প্ৰশিক্ষণতো গাহৰি পালনৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়৷ তাৰোপৰি, এই প্ৰশিক্ষণতেই পশুপালনৰ বাবে চৰকাৰে প্ৰদান কৰা বিভিন্ন ধৰণৰ বেংক ঋণৰ বিষয়েও ভাষণ প্ৰদান কৰে সমল ব্যক্তিসকলে৷












