![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিঙত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ আজি সন্ধিয়া লামডিঙত বনৰীয়া হাতীৰ আক্ৰমন প্ৰাণ গ’ল এগৰাকী মহিলাৰ লামডিঙৰ ইটাভাতা চাৰিআলীৰ সাধুখুঁটি ৭নং ৱাৰ্ডত নিশা সংঘটিত হয় এই ঘটনা ৷ অঞ্চলটোৰ নিবাসী কৰুনা দাস নামৰ (55) বছৰীয়া মহিলাগৰাকীয়ে সন্ধিয়া দোকানলৈ উলাই আহিছিল৷ সেই সময়তে বনৰীয়া হাতীয়ে আক্ৰমন কৰে মহিলাগৰাকীক ৷ আক্ৰমনৰ ফলত কৰুন মৃত্যুক সাৱতি লয় মহিলা গৰাকীয়ে ৷ তৎক্ষনিকভাৱে অঞ্চলটোৰ লোকে কৰুনা দাসক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
উল্লেখ যে লামডিঙ বনাঞ্চলৰ সমীপতে থকা গাঁওসমূহত বহু দিন ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি চলাই আহিছে ৷ বনবিভাগে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বহু বাৰ চেষ্টা চলাই আহিছে যদিও খাদ্য সন্ধানত বনৰীয়া হাতী উলাই আহে অঞ্চলসমূহত ৷ বৰ্তমান মৃত মহিলাগৰাকীক মৰোনত্তৰ পৰীক্ষা বাবে নগাওঁলৈ প্ৰেৰণ কৰে ৷ ঘটনাস্থলীত লামডিঙ বন বিভাগৰ বিষয়া মন্টু বৰা উপস্থিত হয় ৷












