নিউজ ডেস্কঃ
‘ৰাইজ ৰোৰ ৰিভল্ট’, এই তিনিটা শব্দৰ প্ৰথম আখৰক লৈ নিৰ্মাণ হৈছে ‘আৰআৰআৰ’৷ এই চিনেমাখন দেশৰ যি চিনেমা হলতে মুক্তি পাব তাতে জ্বলাই দিয়া হ’ব৷ এনেদৰে ভাবুকি দিছে বিজেপি সাংসদ বান্দি সঞ্জয় কুমাৰে৷ উল্লেখ্য যে এই চিনেমাখন ৰাজামৌলিয়ে পৰিচালনা কৰিছে ৷ বিজেপি সাংসদ বান্দি সঞ্জয় কুমাৰৰ অভিযোগ, ‘বাহুবলী’ খ্যাত পৰিচালকজনে সাম্প্রতিক ছবিত বীৰ আদিবাসী যোদ্ধা কোমাৰাম ভীমক অসম্মান কৰিছে৷ ৰাজামৌলিৰ পৰিচালনাৰ ছবিত কোমাৰাম ভীমৰ চৰিত্রত অভিনয় কৰিছে দক্ষিণৰ তাৰকা জুনিয় এনটিআৰে৷ দক্ষিণাত্যত তেওঁক তেনেদৰে জানে৷ ২১ অক্টোবৰত ভীমৰ চৰিত্ৰৰ টিজাৰ পোহৰলৈ আহে৷ টিজাৰ পোহৰলৈ অহাৰ পাছৰ পৰাই বিতৰ্কৰ সূত্ৰপাত হয়৷ আদিবাসী নেতাই মুছলিম পোচাক পিন্ধা দেখুৱাইছে৷ চকুত ছুৰমা আৰু মুৰত ফেজ টুপী৷ তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ইয়াকে লৈ জনসভাত ক্ষোভ প্ৰকাশ কৰে সঞ্জয় কুমাৰে ৷
তেওঁ কয়, ইতিহাসক বিকৃত কৰা হৈছে৷ পৰিচালকক এৰি দিয়া নহ’ব৷ উল্লেখ্য যে দাক্ষিণাত্যৰ আদিবাসীসকলৰ ওচৰত ভীম ঈশ্বৰতূল্য। ইতিহাসক এইদৰে বিকৃত কৰিবলৈ দিয়া নহ’ব বুলি তেওঁ কয়৷ নিজা ছবি মুক্তিৰ সময়ত পৰিচালক ৰাজামৌলিয়ে জনাই যে তেওঁ কেৱল ইতিহাসৰ দুটা বিখ্যাত চৰিত্ৰ কোমাৰাম ভীম আৰু আল্লুৰি সীতাৰামা (ৰামচৰণ)ক লৈছে৷ এয়া বায়’পিক নহয়৷ কাল্পনিক কাহিনীৰে এই দুই আইকনিক চৰিত্ৰৰ ভিন্ন কাহিনী লৈ চিনেমা নিৰ্মাণ কৰা হৈছে৷ ছবিখনত আলিয়া ভাট আৰু অজয় দেবগনে অভিনয় কৰিছে৷