![]()
কালি ঘোষণা কৰা বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা পুনৰ শাসনত অধিষ্ঠিত হোৱাত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশে বিহাৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গক অভিনন্দন জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই ফলাফল মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সৰ্বস্পৰ্শী উন্নয়ন আৰু কুশল সাংগঠনিক নেতৃত্বৰ ফল হিচাপে অভিহিত কৰিছে।













