ষ্টাফ ৰিপ’ৰ্টাৰ:
চিৰাং আৰক্ষীৰ বৃহৎ সফলতা; অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে অব্যাহত ৰখা চেষ্টাত আজি আকৌ এবাৰ সফল হৈছে আৰক্ষীৰ দলটো। চিৰাঙৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত পুতি থোৱা বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী উদ্ধাৰ কৰে।
আজি বিয়লি ৪ বজাত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰাৰ লগতে তেওঁ কয় যে গোপন সূত্ৰৰ খেদি চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ভূটান সীমান্তৱৰ্তী ১নং গৌজেনপুৰত আৰক্ষীয়ে কেইবাঠাইতো খনন কাৰ্য চলাই আৰু প্লাষ্টিকৰ টেমাত পলিথিনত মেৰিয়াই গাঁতত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে মুঠ ৭৯২ সক্ৰিয় গুলী।
এই গুলীসমূহ হৈছে ক্ৰমে ৫৬১ টা ৭.৬২ এম এমৰ আৰু ২৩১ টা ৫.৫৬ এম এমৰ সক্ৰিয় গুলী । বিটিচি নিৰ্ব্বাচনত অশান্তিৰ সৃষ্টি কৰিবলৈ এই সমূহ সক্ৰিয় গুলী লুকুৱাই থোৱাৰ সন্দেহ কৰাৰ যথেষ্ট থল আছে যদিও আৰক্ষীয়ে এই বিষয়ে সতৰ্কতাৰে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ ফলত বিভিন্ন মাৰশাস্ত্ৰ উদ্ধাৰ কৰিছে বুলিও জানিবলৈ দিয়ে।
আজিৰ এই সক্ৰিয় গুলী সমূহো জিলাখনত কিছুদিন পুৰ্বেলৈকে সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠন সমুহৰ হ’ব পাৰে বুলি চিৰাং আৰক্ষীয়ে সন্দেহ কৰিছে ।













