![]()
আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিলে আলফা(স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাসহ চাৰি সতীৰ্থই। বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰক্ষীৰ ওচৰত জমা দিছে দৃষ্টি আৰু চাৰি সতীৰ্থই।
মোবাইল ফোন ৪টা আৰু ১১খন চিম কাৰ্ড জমা দিছে আৰক্ষীক। সংবাদমেল যোগে জনালে আৰক্ষী শীৰ্ষ বিষয়াই।
দৃষ্টি ৰাজখোৱা আত্মসমৰ্পনে শান্তি আলোচনাত যথেষ্ট সহায় কৰিব। এই আত্মসমৰ্পনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হিংসা পৰিৱেশ আঁতৰোৱাত সহায় কৰিব। অসম আৰক্ষী বিষয়া হীৰেন নাথে এইদৰে কয়। আইন শৃংখলা বাবে বহুদিন ধৰি ভাবুকি স্বৰূপ হৈ আছিল বুলিও তেওঁ লগতে কয়। মুখ্যমন্ত্ৰী সন্ত্ৰাসমুক্ত অসম আগবঢ়াই নিয়াত অধিক সহায় হ’ব।

উল্লেখ আত্মসমৰ্পণ কাৰী অন্যান্যসকলক হৈছে ৰূপজ্যোতি ৰাভা ওৰফে অসম (২৪), য়াচিম আলি ওৰফে অসম (২৮) আৰু মিথুন অসম (২৫) আৰু ৰাহুল হাজৰিকা।
আত্মসমৰ্পণৰ সময়ত এ.কে-৮১ এটা, পিষ্টল দুটা, ৱাকিটকী এটা, দুৰবীন, বোমা নিৰ্মাণৰ সামগ্ৰী আৰক্ষী ওচৰত জমা দিছে।
ইফালে আত্মসমৰ্পণ বাবে ৰাজ্যিক পুলিচ, আৰ্মী, পেৰা মিলেটেৰে, বিএছএফ, কেন্দ্ৰীয় চোৰাংচোৱা সকলোৱে সক্ৰিয় সহযোগ আছে।
ইফালে আইনৰ গণ্ডী বাহিৰত থকা সকলক আহ্বান জনায় আৰক্ষী বিষয়া নাথে কয়- আলোচনা মেজলৈ আহক। আলোচনা জৰিয়তে সমাধান কৰিব নোৱাৰা আমাৰ কোনো সমস্যা নাই।













