![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্ম হোৱা দ্বিতীয়টো ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ হোজাই জিলাৰ আহ্বায়ক সমিতি গঠন আৰু যোগদান কাৰ্যসূচীৰ অনুষ্ঠানটো বৃহস্পতিবাৰে জিলাখনৰ লংকাৰ ১নং কাকী নাট্যচ’ৰা প্ৰেক্ষাগৃহত কে’বা শতাধিক যুৱশক্তিৰ উপস্থিতিত অনুষ্ঠিত হয়।
জাতীয় যুৱ শক্তিৰ জিলা আহ্বায়ক সমিতিখন গঠনৰ উদ্দেশ্য অনুষ্ঠিত সভাখনত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক চিত্ৰৰঞ্জন বসুমতাৰী, বেনীমাধৱ ঘোষ, মুখপাত্ৰ জিয়াউৰ ৰহমান, যুৱশক্তিৰ ৰাজ্যিক মুখ্য আহ্বায়ক লাকিমনি বৰুৱা, সহ তত্বাবধায়ক অভিজিত কমল ভূঞা আদি উপস্থিত থাকে।
ইপিনে, বুধবাৰে নিশা কাকপথাৰত ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা সাংবাদিক তথা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক জগদীশ ভূঞাৰ ভাতৃ পৰাগ ভূঞাক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ কৰে মুখপাত্ৰ জিয়াউৰ ৰহমানে । আনহাতে, চিত্ৰৰঞ্জন বসুমতাৰীয়ে হিমন্ত বিশ্ব শৰ্মা কটাক্ষ কৰি শকুনি মামা আখ্যা দিয়ে।












