ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত সাংসদ হৰেণছিং বে’ৰ গৃহ পৰিষদীয় সমষ্টি ৫ নং ৰংখাঙত সদস্য ভৰ্তিৰে সংগঠন পৰ্ব অভিযান৷ শুক্ৰবাৰে সাতগাঁও বজাৰৰ মাজ-মজিয়াত অনুষ্ঠিত হোৱা এই সংগঠনপৰ্ব অভিযানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি ৩নং ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে’৷
বিগত লোকসভা নিৰ্বাচনত উত্তৰ-পূৱৰ ২৫ খন লোকসভাৰ সংসদীয় সমষ্টিৰ ভিতৰত তিনি পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ৩ নং ডিফু লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে তেখেতক সৰ্বাধিক ভোট দি জয়ী কৰা বিষটোৱে পাহাৰীয়া জিলাখনত বিজেপি উত্থানৰ কথাই প্ৰমাণ দিছে বুলি সভাত উল্লেখ কৰে সাংসদ গৰাকীয়ে৷

বিজেপি দলটোৱে কথাৰে নহয় কাৰ্য্যৰে উন্নয়নৰ দিশত আগবাঢ়ি যোৱাৰ বাবে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে দলটোক ৰাইজে আদৰি লৈছে বুলি সদৰী কৰে সাংসদ গৰাকীয়ে৷
উল্লেখ্য যে, উক্ত সভাতেই সাংসদ গৰাকীয়ে জিলা সভাপতি অৰুণ টেৰাঙৰ হাতেৰে সদস্যভৰ্ত্তিৰ ৰচিদ গ্ৰহন কৰে। সভাত স্থানীয় বিধায়ক ডাঃ মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাং, জিলা সম্পাদক ৰূদিপ ৰংহাঙকে ধৰি বহু কেইজন দলীয় নেতা উপস্থিত থাকে।













