![]()
নিউজ ডেস্কঃ
আইপিএল জয়ৰ আনন্দত চেঁচাপানী পৰিল মুম্বাই ইণ্ডিয়ান্সৰ অলৰাউণ্ডাৰ ক্রুণাল পাণ্ডিয়াৰ। মুম্বাই এয়াৰপোর্টত বিপুল পৰিমাণৰ সোণ গোপনে লৈ অহাৰ কাৰণে তেওঁক বাধা দিলে ডিৰেক্টৰেট অব ৰেভিনিউ ইন্টেলিজেন্সৰ বিষয়াসকলে।
উল্লেখ্য যে আইপিএল শেষ কৰি এইবাৰৰ বিজয়ী দল মুম্বাই ইণ্ডিয়ান্সৰ তাৰকা ক্রিকেটাৰ ক্রুণাল পাণ্ডিয়া ডুবাইৰ পৰা মুম্বাইলৈ উভতিছিল। পিছে মুম্বাই এয়াৰপোর্টতে তেওঁক বাধা দিলে ডিৰেক্টৰেট অব ৰেভিনিউ ইন্টেলিজেন্সৰ বিষয়াসকলে। তেওঁৰ বিৰুদ্ধে অভিযোগ, বিপুল পৰিমাণৰ সোণ আৰু অন্যান্য আৰু মূল্যৱান বস্তু লৈ তেওঁ ঘৰলৈ উভতিছিল। সেই কাৰণেই ক্রুণালক আবদ্ধ কৰি ৰাখে ডিৰেক্টৰেট অব ৰেভিনিউ ইন্টেলিজেন্সে।
ডিৰেক্টৰেট অব ৰেভিনিউ ইন্টেলিজেন্সৰ এটি সূত্ৰই সংবাদ মাধ্যম এএনআইক জনোৱা মতে, বিপুল পৰিমাণে সোণ আৰু অন্যান্য মূল্যৱান বস্তু লৈ অহাৰ কাৰণেই মুম্বাই এয়াৰপোর্টত এই ক্রিকেটাৰগৰাকীক আবদ্ধ কৰা হয়।
নিয়ম অনুযায়ী, এজন পুৰুষ যাত্রীয়ে ডুবাইৰ পৰা ভাৰতলৈ উভতাৰ সময়ত মাত্র ২০ গ্রাম সোণ বহন কৰিব পাৰে। সেই সোণ আকৌ ৫০ হাজাৰ টকাৰ বেছি মূল্যৰ হ’লে নহ’ব। আনহাতে, মহিলাসকলে আকৌ ৪০ গ্রাম সোণ ডুবাইৰ পৰা ভাৰতলৈ লৈ উভতিব পাৰে। সেই সোণৰ দাম হ’ব লাগিব ১ লাখ টকাৰ ভিতৰতেই। সূত্রৰ খবৰ মতে, ডিৰেক্টৰেট অব ৰেভিনিউ ইন্টেলিজেন্সৰ বিষয়াসকলে ক্রুণালক আবদ্ধ কৰি সোধপোছ কৰে। এইবোৰ বস্তু ক্রয় কৰাৰ অফিচিয়েল কাগজ-পাতিও দেখুওৱাৰ নির্দেশ দিয়ে ক্রুণালক।













