![]()
নিউজ ডেস্কঃ
কংগ্ৰেছ-এআইইউদিএফ সমৰ্থনত ৰাজ্যসভালৈ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচিত হোৱা সাংসদ অজিত কুমাৰ ভূঞা কংগ্ৰেছৰ বিৰুদ্ধে সুচ্ছাৰ।বিৰোধীৰ বিগ ব্ৰাডাৰ কংগ্ৰেছে বিহাৰৰ নিৰ্বাচনৰ পৰা শিক্ষা লোৱা উচিত। অসমত নেতৃত্ব দুৰ্বলতাৰ বাবে মহাজোটবন্ধনৰ প্ৰদক্ষেপ ল’ব পৰা নাই কংগ্ৰেছে।
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাছতো কংগ্ৰেছৰ নেতৃত্বই মহা জোঁট বন্ধনৰ ভূমিকা লব নোৱাৰাত ক্ষুব্ধ হৈ সাংসদ ভুঞাই কয়- বাওঁপন্থী দলসমূহৰ লগত এআইইউদিএফে মিত্ৰতা কৰিবলৈ আগবাঢ়ি অহা পিছতো কংগ্ৰেছৰ ফালৰ পৰা কোনো সঁহাৰি নাই। বিজেপিক পৰাভূত কৰিবলৈ হ’লে মহাজোটৰ ৱিকল্প নাই। বিজেপিক পৰাভূত কৰা স্বাৰ্থত ঐক্যবদ্ধ হ’ব লাগে বুলি লগতে তেওঁ কয়।
উল্লেখ বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ হোৱা বুলি কৰা ধাৰণা ভুল আখ্যা দিয়ে সাংসদ ভুঞাই।তেওঁ কয়-এনে ভুল পূৰ্বতে অসম গণ পৰিষদে কৰিছিল।
বিজেপিৰ মোগল সম্পৰ্কে সম্যক জ্ঞান নাই বুলি উল্লেখ কৰি সাংসদ ভুঞাই কয়- আজমলক দেখুৱাই দেখুৱাই ভোট বিচাৰিছে একাংশ নেতাই। আজমল যদি বাংলাদেশী তেন্তে আজমলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি এআই ইউদিএফৰ স্বীকৃতি বাতিল ব্যৱস্থা কৰক বিজেপিয়ে। অন্যথা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবই এআইইউদিএফে।
আঞ্চলিক গণ মৰ্চা কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ভুঞাই কয়- এআইইউদিএফ কংগ্ৰেছে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ দাবীত সৰৱ হওঁক।
বিহাৰৰ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি ভুঞাই কয়-পৰিৱৰ্তনকামী জনতা বাবে বিহাৰৰ নিৰ্বাচনৰ ফলাফল তাপৰ্যপূৰ্ণ। নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হলেও তেজস্বী যাদৱৰ নাম।তেজস্বী নায়কলৈ পৰিৱৰ্তন হৈছে।













