![]()
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে আজি বঙাইগাঁৱত আনুষ্ঠানিকভাৱে কৃষক গোটসমূহক ট্ৰেক্টৰ প্ৰদান কৰে।
লগতে, Horticulture Mission for North East & Himalayan States আৰু ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) ২০১৯-২০ৰ অধীনত হিতাধিকাৰীসকলক পাৱাৰ টিলাৰ প্ৰদান কৰে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁৱত ‘চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি (CIDF)ৰ অধীনত নির্মাণ হ’বলগীয়া কোচ-ৰাজবংশী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় ফণীভূষণ চৌধুৰী, পীযুষ হাজৰিকা আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও বিসৰ্জন ঘাটৰ উন্নয়ন সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়িবলৈ নতুন প্ৰকল্পটোৰ জৰিয়তে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি’ (CIDF)ৰ অধীনত বঙাইগাঁৱৰ ইক’ পাৰ্কত Public Aquarium and Ornamental Fish Breeding Centre, ইক’ পার্ক আৰু ইয়াৰ দাঁতিকাষৰীয়া জলাশয়ৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী সোণোৱালে ২৫ লাখ টকা ব্যয়সাপেক্ষে চিলাৰায় উৰণীয়া সেতুৰ ওপৰত নিৰ্মাণ হ’বলগীয়া সুদৃশ্য ক্ল’ক টাৱাৰৰ আধাৰশিলা স্থাপন কৰে।
লগতে বঙাইগাঁৱৰ যাতায়াত-যোগাযোগ ব্যৱস্থাক অধিক সুচল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁৱৰ বৰপাৰাত নিৰ্মাণ হ’বলগীয়া বাছ টাৰ্মিনেল আৰু সংলগ্ন ক্ষেত্ৰৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে।
মুখ্যমন্ত্ৰীয়ে বঙাইগাঁৱত ‘চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি’ (CIDF)ৰ অধীনত নির্মাণ হ’বলগীয়া কোচ-ৰাজবংশী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে।












