![]()
এইবাৰ দেশত চলিছে পাচলিৰ ৰাজনীতি ৷ ৰাজ্যত শাক-পাচলীৰ মূল্যবৃদ্ধিক লৈ আজি এখন সভাত হিমন্তই ঘুৰাই দোষাৰোপ কৰিলে খাৰুপেটীয়াৰ কৃষককেই ৷ কেৱল সেয়াই নহয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুতৰ অভিযোগ তুলিলে খাৰুপেটীয়াৰ কৃষকসকলৰ ওপৰত যে তেওঁলোকে বিষাক্ত পাচলি বিক্ৰী কৰে আৰু তেওঁলোকেই অত্যধিক মূল্যত শাক-পাচলি বিক্ৰী কৰে ৷

ক্ষুব্ধ কৃষক সকলে প্ৰত্যুত্তৰত ফাদিল কৰিলে প্ৰকৃত সত্য ৷ জনালে জালুকবাৰীত সোমাওঁতেই কি দৰে অত্যধিক টেক্স লোৱা হয় কৃষক সকলৰপৰা ৷ তাৰোপৰি শাক-পাচলিৰ চিণ্ডিকেটবোৰৰ বাবেই ভৰিব লগা হয় গ্ৰাহকে অধিক মূল্য শাক-পাচলিৰ বাবত ৷
খাৰুপেটীয়াৰ ভিন ভিন ধৰ্মৰ কৃষক জনতাই লগতে অভিযোগ কৰে যে মন্ত্ৰী জনে হিন্দু-মুছলমানৰ ৰাজনীতিত ব্যতিব্যস্ত হৈ থকাতকৈ জনতাৰ প্ৰকৃত সমস্যালৈ চকু দিয়া উচিত ৷













