![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ পৰিস্থিতি উত্তেজনাময় হৈ থকাৰ সময়তে পৰিস্থিতিৰ বুজ লবলৈ সীমান্তত আজি উপস্থিত হ’ল জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা ৷ সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলত নগাক ভূমি পট্টা প্ৰদানৰ বাতৰি প্ৰকাশৰ পিছতে তৎপৰ হোৱা পৰিলক্ষিত হ’ল জিলা প্ৰশাসন।
ঘটনাস্থলীত উপস্থিত হৈ সীমান্তত অব্যাহত থকা নগাৰ আগ্ৰাসন সন্দৰ্ভত নগালেণ্ডৰ ডিমাপুৰ উপায়ুক্তৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে কাৰ্বি আংলং উপায়ুক্তই।
দিপাৱলীৰ পিছতে অনুষ্ঠিত হ’ব ডিমাপুৰ আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ মাজত দ্বিপাক্ষিক বৈঠক।

১৯২৩ চনত ঘোষণা হোৱা সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ ভূমি অক্ষুণ্ণ ৰাখি সীমান্ত সুৰক্ষিত ৰখাৰ স্বাৰ্থত সম্পন্ন হ’ব দুয়ো জিলা প্ৰশাসনৰ মাজত দ্বিপাক্ষিক বৈঠক।
শনিবাৰে কাৰ্বি আংলঙৰ অসম-নগালেণ্ড সীমান্তত উপস্থিত হৈ নগাৰ ভূমি বেদখলৰ দৃশ্য প্ৰত্যক্ষ কৰে কাৰ্বি আংলঙৰ উপায়ুক্ত চন্দ্ৰধ্বজ সিন্হাই ।
বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিত ৰাভায়ো উপায়ুক্তৰ সৈতে সীমান্ত পৰিদৰ্শন কৰে।











