![]()
হোজাইৰ লংকাৰ পৰা মনোজ কুমাৰ পাঠক
উজনি অসমলৈ সাঁচি কাঠ আনিবলৈ গৈ থকা ট্ৰেভেলাৰ গাড়ীত ডকাইতি কাণ্ড৷ তিনিখন বাইকত অহা এটা ডকাইতৰ দলে পিষ্টল দেখুৱাই লুট কৰিব বিচাৰে গাড়ীখন৷ ট্ৰেভেলাৰ গাড়ীখনলৈ গুলীবৰ্ষণ কৰি ডকাইতৰ দলটোৱে গাড়ীখন ৰখাই ডকাইতিৰ চেষ্টা কৰে৷
পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা৷ স্থানীয় ৰাইজে আগুছি ধৰি খেদি খেদি আটক কৰে দুজন ডকাইতক৷ ডকাইতৰ দলটোৰ বহুকেইজনে পলায়ন কৰিবলৈ সক্ষম হয়৷ এখন বাইকৰ লগতে দুটা পিষ্টল উদ্ধাৰ হয় ডকাইতদ্বয়ৰ পৰা৷ আটক দুয়োজনকে উত্তেজিত ৰাইজে উত্তম মধ্যম দিয়ে৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক৷
ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষীৰ লগতে হোজাই আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ দুয়োটা ডকাইতক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লৈ গৈছে৷ ঘটনাস্থলীত বিৰাজ কৰি আছে তীব্ৰ উত্তেজনাময় পৰিৱেশ৷












