ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমীয়া প্ৰতিদিন কাকতৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ সংবাদদাতা মিলন মহন্তক জুৱাৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে বাতৰি পৰিৱেশনৰ বাবে বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে।
সাংবাদিকজনে পলাশবাৰী আৰক্ষী থানাত দিয়া অভিযোগ অনুসৰি এই ঘটনাৰ মূল অভিযুক্ত ভূ-মাফিয়া সঞ্জয় ঠাকুৰীয়া আৰু দলৰ অন্যান্য মিলি মিলন মহন্তক বজাৰ কৰি থকা অৱস্থাত প্ৰহাৰ কৰে ৷
সাংবাদিক গৰাকীয়ে দিয়া এজাহাৰত ভিত্তিত আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
মিৰ্জাৰ সাংবাদিক
নিগ্ৰহৰ ঘটনাত গৰিহণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
কামৰূপ জিলাৰ মিৰ্জাৰ সাংবাদিক মিলন মহন্তক আজি দিন দুপৰতে এক দুষ্ট চক্ৰই লাইট পোষ্টত বান্ধি লৈ ৰাজহুৱাভাৱে শাৰিৰীক আক্ৰমণ কৰাৰ ঘটনাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গৰিহণা দিয়ে।
তিনিচুকীয়াৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দূৰ্ঘটনা জনিত মৃত্যুৰ প্ৰতিক্ৰিয়াৰ চলি থকাৰ সময়তে একেটা সপ্তাহৰ ভিতৰতে ৰাজ্যত দ্বিতীয়টো সাংবাদিক নিগ্ৰহৰ ঘটনাই ৰাজ্যত গণতান্ত্ৰিক শক্তিটোক এটা পক্ষই পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে এই কথা স্পষ্ট হৈ পৰিছে।
দক্ষিণ কামৰূপৰ ভূ মাফিয়া আৰু জুৱাৰী চক্ৰ এটাৰ টাৰ্গেট হৈ পৰা মিৰ্জাৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক মিলন মহন্তৰ নিগ্ৰহৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উচিত তদন্তৰ দাবী জনাইছে।













