![]()
মনোজ কুমাৰ পাঠক:
লংকা : লংকা চাইল্ড লাইন কৰ্তৃপক্ষই শংকৰদেৱ নগৰৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে এগৰাকী নাবালিকা কিশোৰী। লংকাৰ বন বেঙেনাআটীৰ পৰা উদ্ধাৰ কৰে কিশোৰী। উদ্ধাৰ কৰা কিশোৰী গৰাকীৰ বয়স 16 বছৰ।
উল্লেখ্য যে, দুদিন পূৰ্বে জোৰা পুখুৰীৰ বনবেঙেনাআটীৰ এজন যুৱকে ভালুকমাৰীৰ আমপুখুৰীৰ পৰা এগৰাকী নাবালিকা কিশোৰী বিৱাহ পাশত আবদ্ধ কৰাৰ বাবে পলুৱাই আনি নিজ ঘৰ বনবেঙেনাআটিত ৰাখিছিল। বৰ্তমান উদ্ধাৰকৃত কিশোৰী গৰাকীক চাইল্ড লাইন কৰ্তৃপক্ষই লংকা প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত স্বাস্হ্য পৰীক্ষা কৰি হোজাইলৈ প্ৰেৰণ কৰে।












