ASSAM TIMES POST
ডিফুঃ বিগত চাৰিমাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থা চমুকৈ কাপটাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ চাৰিমাহে দৰমহা নাপাই কৰ্মচাৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আজি কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ কাৰ্যনিৰ্বাহকৰ যুটীয়া বৰ্ধিত সভাত বিষয়টোৰ ওপৰত বিস্তৃত আলোচনা হোৱাৰ পিছত অহা ১ চেপ্তম্বৰৰ পূৰ্বে দৰমহা লাভ নকৰিলে শ্ৰেণী বৰ্জন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
আজি এক সংবাদমেলত কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থা চমুকৈ কাপটাৰ সভানেত্ৰী, সম্পাদক ক্ৰমে, লাংটুপী ৰংপী আৰু প্ৰবীন হাঞ্চেই এক সংবাদমেলযোগে আন্দোলনৰ সিদ্ধান্তৰ কথা সদৰি কৰে৷ সম্পাদক হাঞ্চেই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে, অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে কৰ্মচাৰী সকলৰ দৰমহাৰ বিষয়টো বিবেচনা কৰা উচিত৷
অনলাইন দৰমহা লোৱাত আপত্তি নাই যদিও আজিকোপতি চৰকাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ডিডিঅ’ কোড আৰু পাছৱৰ্ড প্ৰদান কৰা নাই৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সঞ্জয় হাঞ্চে নামৰ বিষয়া গৰাকীক দায়িত্ব দিছে যদিও বিষয়টো আগবঢ়া নাই৷ পৰিষদৰ প্ৰধান সচিবে ৫ আগষ্টতহে বিত্ত বিভাগলৈ ডিডিঅ’ কোড আৰু পাছৱৰ্ড বিচাৰি পত্ৰ দিছে৷
পৰিষদৰ জ্যেষ্ঠ গাণণিক বিষয়া গৰাকীৰ গাফিলতিৰ বাবেই নৱেম্বৰ-ডিচেম্বৰ মাহলৈকে শিক্ষক সকলে দৰমহা লাভ কৰাৰ সম্ভাৱনা নাই। আনহাতে সভানেত্ৰী লাংটুপী ৰংহাঙপীয়ে কয় যে, আমাৰ অৱস্থা মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে উপলব্ধি কৰা উচিত৷ আমি বাধ্যত পৰি অহা ১ চেপ্তম্বৰৰ পৰা ৫ চেপ্তম্বৰলৈ শ্ৰেণী বৰ্জন কৰিবলৈ বাধ্য হ’ম৷
শিক্ষক দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিম৷ প্ৰাথমিক শিক্ষক সন্থাৰ এনে কাৰ্যৰ্সূচী গ্ৰহণ কৰাৰ সিদ্ধান্তৰ পিছত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷













