![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ কৰৈআটী গাওঁ নিৱাসী মুক্তানাথ গগৈৰ (৮৩) যোৱা ১৪ নবেম্বৰ তাৰিখে বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত পৰলোক প্ৰপ্তি ঘটে ৷ পূৰ্বে তেখেতে বোকাজান বিলাতী মাটিৰ কাৰখানাত মেকানিকেল বিভাগত কৰ্মৰত হৈ তাৰ পৰাই অৱসৰ লৈ পৰবৰ্তী সময়ত বোকাখাতৰ বাসিন্দা হয় ৷ মৃত্যুৰ সময়ত তেখেতে পত্নী সূজয়া গগৈ, দুই পুত্ৰ, এগৰাকী জীয়াৰী আৰু চাৰি নাতি-নাতিনী এই সংসাৰত এৰি থৈ যায় ৷ তেখেতৰ জন্ম হৈছিল তিনিচুকীয়াৰ ককৰাতলী গাঁৱত ৷ সাত ককাইভাই আৰু চাৰি বাই-ভনীৰ ভিতৰত মুক্তানাথ গগৈ দ্বিতীয় পুত্ৰ আছিল ৷ মানৱদৰদী, জনপ্ৰিয় আৰু সৰবৰহী গগৈ বোকাখাতৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল। গগৈৰ মৃত্যুত কৰৈআটি গাঁৱৰ লগতে সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পৰিছে।













