![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমা সাংবাদিক সংস্থা, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাৱ, ইমজা বোকাখাত, কমাৰগাঁও প্ৰেছ ক্লাৱ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা আৰু নুমলীগড় প্ৰেছ ক্লাৱৰ সহযোগত আজি বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত হৈ যায় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
কাৰ্যসূচীৰ উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। মহকুমাধিপতি বিপুল দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকি বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে “মহামাৰী কভিড ১৯ৰ সময়চোৱাত সংবাদ মাধ্যমৰ ভূমিকা আৰু সংবাদ মাধ্যমত ইয়াৰ প্ৰভাৱ” শীৰ্ষক আলোচনা চক্ৰত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ক্ৰমে বুবুল দত্ত, হেমেন হাজৰিকা, ড° বাবুলাল ম’ৰ, স্বপন নাথ, দেৱাশীষ বৰুৱাৰ লগতে সাংবাদিক ৰোমান বৰুৱা, ৰঞ্জিত ৰজক, ধ্ৰুৱজ্যোতি সাহাইও বক্তব্য প্ৰদান কৰে। শলাগ জ্ঞাপন কৰে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে।













