![]()
অজন্তা তালুকদাৰ

বোকাখাত : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সিদ্ধান্ত অনুসৰি বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সম্পাদক নীলু আচাৰ্য, জ্যেষ্ঠ সাংবাদিকদ্বয় হেমেন হাজৰিকা আৰু বুবুল দত্ত, সাংবাদিক অমৰ শৰ্মা, প্ৰদ্যুত মহন্ত, ৰীণা কটকী, প্ৰদীপ হাজৰিকাই প্ৰবীন সাংবাদিক ৰাতুল ৰাজখোৱা আৰু সুষময় পুৰকায়ষ্ঠক নিজা গৃহতে একোটিকৈ গঁড়ৰ স্মাৰক আৰু একোখনিকৈ ফুলাম গামোচাৰ লগতে সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।













