![]()
বিটিচি নিৰ্বাচমৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিজ নিজ নিৰ্বাচনী প্ৰচাৰ। ৰাজনৈতিক প্ৰচাৰৰ মাজতেই আকৌ আন এখন যুদ্ধইহে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰত্যেকৰে। ৰাজ্যৰ স্বাস্থ্য আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈছিল চিৰাং জিলাৰ বিজনী নিকতৱৰ্তী আনন্দ বজাৰত। প্ৰচাৰৰ সমান্তৰালকৈ ১৭ বছৰীয়া শাসন কালত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফক কঠোৰ ভাষাৰে সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই। বিটিচিত থকা প্ৰতিজন লোকক ভূমি অধিকাৰ দিয়াৰ কথা স্পষ্ট কৰি হিমন্ত বিশ্বই কয় যে, “আমি অসমখন দুভাগ হ’বলৈ দিব নোৱাৰো।” উক্ত সভাতে হাগ্ৰামা মহিলাৰীৰ সৈতে বিজেপিত কোনো ধৰণৰ বন্ধুত্ব নাই বুলি প্ৰকাশ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে, “এইবাৰ বিজেপিৰ নেতৃত্বতেই চৰকাৰ গঠন হ’ব৷ বিজেপিৰ চৰকাৰ হ’লে দুর্নীতিত লিপ্তসকল জে’ললৈ যাব লাগিব৷

লগতে তেওঁ যে কয় যে, “বহু সম্পত্তি গঢ়িছে হাগ্রামা আৰু বিপিএফৰ নেতাসকলে৷” এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ নিশ্চিত বুলি ৰঞ্জিত দাসে উল্লেখ কৰে৷ ইফালে আছুৱে বিজনীত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । হিমন্ত বিশ্ব শৰ্মাৰ বিজনীৰ আনন্দ বজাৰৰ নিৰ্বাচনী সভাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।













