![]()
কংগ্ৰেছ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে বিশ্বজিৎ ৰায়ে। সংবাদমেল যোগে সদৰী কৰিলে এই কথা।কংগ্ৰেছ দলৰ মহাজোট বন্ধনৰ বিৰোধিতাৰে কংগ্ৰেছ ত্যাগ কৰে কথা ঘোষণা ৰায়ৰ।যিকেইটা দলে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সমৰ্থন কেতিয়াও নকৰে তেনে দলৰ লগত কেৱল ক্ষমতাৰ স্বাৰ্থত মহাজোটবন্ধন কৰা দলৰ লগত মই নাথাকো- এইদৰে কয় ৰায়ে।
উল্লেখ দুদিন পূৰ্বে ৰায়ৰ ফটো বিটিচি এক নিৰ্বাচনী জনসভাত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৈতে ভাইৰেল হৈছিল।তাৰ পাছতে কংগ্ৰেছ দলৰ ভিতৰত আৰম্ভ হৈছিল ব্যাপক চৰ্চা।শনিবাৰে কংগ্ৰেছ ফালৰ পৰা সাধাৰণ সম্পাদক গৰাকীক নিৰ্বাচনী সভাত মন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰা কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল।জাননী জাৰি কৰা পাছতে কংগ্ৰেছ দল ত্যাগ কৰা কথা ঘোষণা কৰে ৰায়ে।
পদত্যাগৰ সময়ত কংগ্ৰেছ জ্যেষ্ঠ নেতা সকলক ধন্যবাদ জনাই ৰায়ে কয়- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সুস্থ হোৱা বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
ইফালে বিজেপিত ৰায়ে যোগদান কৰিব নেকি সেই কথা বর্তমানো স্পষ্ট নহয় যদিও তেওঁ কয়- কোঁচ ৰাজবংশী জনগোষ্ঠী বৃহৎ স্বাৰ্থৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছোঁ।
ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে নহয়।কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক হিচাপে সাক্ষাৎ কৰিছিলোঁ।কাৰণ তেওঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ মন্ত্ৰী গোটৰ অধ্যক্ষ।কিন্তু কথাটো অনুসন্ধান নকৰাকৈ প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে।
“কংগ্ৰেছৰ দলৰ জনগোষ্ঠীৰ প্ৰতি সন্মান নাই।কোঁচ ৰাজবংশীৰ স্বাৰ্থ কথা নাভাৱে। জাননী প্ৰদান কৰা কাৰ্যই তাকে প্ৰমাণ কৰিছে”- ৰায়ে কয়।
কংগ্ৰেছৰ বাল্যসুলভ নেতৃত্বই অসমত কেনেকৈ চৰকাৰ গঠন কৰিব বুলি প্ৰশ্ন তোলে ৰায়ে। দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এইদৰে কয় ৰায়ে।













