![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ধ্বংসৰ গৰাহত লামডিং বনাঞ্চলৰ চৰকাৰী মাটি। বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সন্দেহযুক্ত নাগৰিকৰ বসতিস্হল হৈ পৰিছে এই লামডিং বনাঞ্চল ৷ এয়া হোজাই জিলাৰ লংকাৰ সমিপতে থকা লামডিং সমষ্টিৰ অন্তৰ্গত লামডিং সংৰক্ষিত বনাঞ্চল। কিন্তু বনাঞ্চলখন এতিয়া হৈ পৰিছে জনাঞ্চলত। লংকাৰ নখুঁটি বিট অফিচৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগৰ ঘন জংঘলৰ মাজত বহিছে প্ৰায় তিনিশ ঘৰ পৰিয়াল লগতে স্হাপন হৈছে এখন বৃহৎ বজাৰ। ৰাজ্যৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকক আনি প্ৰতি বিঘা মাটিত দুই পৰা পাঁচ হাজাৰ টকালৈ স্হানীয় কেইজন ভূ-মাফিয়াই বঢ়াইছে এই লোকসকলক। বনাঞ্চলৰ প্ৰায় শ শ বিঘা মাটি বিক্ৰী কৰিছে প্ৰায় ৩০০টা পৰিয়ালক ।
ইফালে বনাঞ্চলত মাটি ক্ৰয় কৰি বসতি স্থাপন কৰা একাংশ লোকে জানিব দিয়া মতে, বহুলোকৰ কোনো তথ্যপাতি নোহোৱাকৈ ভু-মাফিয়াৰ কেইগৰাকীৰ নেতৃত্বত বনাঞ্চলখনৰ মাটি ক্ৰয় কৰি গছ কাটি তহিলং কৰি ঘৰ সাজি বিভিন্ন খেতি কৰি বসবাস কৰি আহিছে। বনবিভাগ আৰু আৰক্ষী সেই অঞ্চলৰ যায় যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে লোকসকলক ডাঙৰ গছ নাকাটিবলৈ কৈ আহি দায়িত্ব সামৰে।
এতিয়া প্ৰশ্ন হয়, বন বিভাগৰ চকুৰ সন্মুখতেই বনাঞ্চলৰ মাজত বৃহৎ পৰিমানৰ ভুমি দখল কৰি ঘৰ সাজি, খেতি কৰি আনকি বৃহৎ বজাৰ স্হাপন কৰি এই লোকসকলে কেনেকৈ বসতি স্থাপন কৰি আহিছে ? নে বন বিভাগো জড়িত আছে বনবিভাগৰ মাটি বিক্ৰী কাৰ্যত, বিষয়টো ৰহস্যজনক হৈ পৰিছে ৷ আমাৰ এই প্ৰতিবেদন দেখাৰ পাছত বনবিভাগে কি ব্যৱস্থা লয় সেয়া হ’ৱ লক্ষণীয়।












