![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নগা দুষ্কৃতিকাৰীৰ অবাধ বে-দখলক কেন্দ্র কৰি জিলাখনত উত্তেজনা অব্যাহত আছে। কার্বি ছাত্র সস্থাকে ধৰি এঘাৰটা ছাত্র সংগঠনে আজিৰে পৰা নগালেণ্ডৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে, কংগ্রেছ দলে আজি কার্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রী আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য
কার্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ এখনি স্মাৰকপত্র প্রেৰণ কৰি সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সম্পর্কে শীঘ্রে পদক্ষেপ গ্রহণ কৰি অসমৰ ভূমি সুৰক্ষিত কৰাৰ আহ্বান জনাইছে। কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি খৰছিং ইংতিৰ নেতৃত্বত এটা সঁজাতি দলে স্মাৰকপত্র প্রেৰণ কৰে।
ইয়াৰ পিছতে জিলা কংগ্রেছৰ কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰে জিলা কংগ্রেছৰ উপ-সভাপতি ৰতন ইংতিয়ে। এই সাংবাদিক মেলত পশ্চিম কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি চার্থে ক্রামছা, কার্বি আংলং জিলা কংগ্রেছৰ উপ-সভাপতি ৰাতুল টেৰণ, কার্বি আংলং জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক ডাঃ মংৱে ৰংপি উপস্থিত থাকে। সংবাদমেল সম্বোধন কৰি তেওঁলােকে কয় যে অসম-নাগালেণ্ড সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি অধ্যয়নৰ বাবে জিলা কংগ্রেছে এটা তেৰজনীয়া দল গঠন কৰিছিল। এই দলে সীমান্ত অঞ্চল ভ্রমণ কৰি পোৱা তথ্যৰ সম্পর্কে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব নির্দিয়াৰ ফলতে সীমান্তত আজিৰ এই পৰিস্থিতিৰ উদ্ভৱ হৈছে।
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে প্রায় এমাহ পুর্বে এখন সর্বদলীয় বৈঠক আহ্বান কৰি বহু কেইটা সিদ্ধান্ত গ্রহণ কৰিছিল যদিও কার্যক্ষেত্রত কোনো পদক্ষেপ গ্রহণ নকৰাৰ বাবেই আজি এনে পৰিস্থিতি উদ্ভৱ হৈছে। জিলা কংগ্রছে দাবী কৰে যে, বে-দখল হোৱা অঞ্চল সম্পূর্ণ সংৰক্ষিত বনাঞ্চল আৰু ১৯৫১ চনৰ ভিত্তিত এই সীমা নির্ধাৰিত থাকিব লাগে।
আনহাতে, সীমান্ত ৰক্ষাৰ স্বার্থত যি দলেই প্রতিবাদী কার্যসূচী গ্রহণ নকৰক কিয় কংগ্রেছ দলে তাত সহযোগ কৰিব বুলিও সংবাদমেলত স্পষ্ট কৰে। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে এইক্ষেত্রত কোনো ব্যবস্থা গ্রহণ নকৰি মৌন হৈ থকাৰ কথাটোৱে নগালেণ্ডৰ লগত তেওঁলোকৰ বুজাবুজি থকা কথাটো প্রমাণ কৰে বুলি ইংতিয়ে দাবী কৰে।
আনহাতে, চার্থে ক্রামছাই কয় যে সীমান্তৰ বিষয়টো সংসদত উত্থাপন হোৱাটো দূৰৈৰে কথা কার্বি আংলঙৰ ৰাইজক কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাম ঠগন দিছে। তেওঁ লগতে কয় যে, জাতি-মাটি-ভেটিৰ ৰক্ষা কৰাৰ কথা কৈ ক্ষমতালৈ অহা চৰকাৰখনে কার্বি আংলং জিলাত এতিয়া সম্পূর্ণ বিপৰীত কাম কৰাহে পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে নগা লোকক কার্বি আংলঙৰ ভূমি গটাই দিয়াৰ যি ব্যবস্থা গ্রহণ কৰিছে তাৰ আমি বিৰোধিতা কৰি আহিছো আৰু ভবিষ্যতেও কৰি যাম। পৰিষদৰএই কার্যৰ বাবে টীম কার্বি আংলংক ৰাইজে ঘৃণা কৰিব বুলিও ক্রামছাই মন্তব্য কৰে ৷
জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক মংবে ৰংপিয়ে কয় যে, জাতি-মাটি-ভেটিৰ শ্লোগান আওৰাই ক্ষমতালৈ অহা বিজেপি দলেএই শ্লোগান ৰক্ষা কৰিব পৰা নাই। বিজেপি চৰকাৰখনে সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি দেখিও নেদেখাৰ ভাও ধৰা কথাটো অতি পৰিতাপৰ কথা। সাংসদ হৰেণছিং বেৰ পৰা আজি পর্যন্ত এই সন্দর্ভত এটা প্রতিক্রিয়া নহাটোও তাৎপর্যপূর্ণ বৃলি ৰংপিয়ে দোহাৰে। মিজোৰাম দৰে অৱস্থা যাতে কার্বি আংলঙত উদ্ভৱ নহয়, তাৰবাবে সময় থাকোতেই ব্যবস্থা গ্রহণ কৰিবলৈ অসম চৰকাৰক তেওঁ আহ্বান জনায়।
ৰতন ইংতিয়ে কয় যে, কার্বি আংলং জিলাৰ মানুহৰ দ্বাৰা এখন সমিতি গঠন কৰি নগা আৰু স্থানীয় কার্বি লোকক লগত লৈ সীমান্ত অঞ্চলত গাঁও পতাৰ সন্মতি কোনে দিলে এই কথা পৰিষদে কার্বি আংলঙৰ জনতাক জনাব লাগিব বুলি দাবী কৰে। নগালেণ্ডৰ পৰা কার্বি আংলঙৰ ভূমিত পট্টা প্রদান কৰা বিষয়টোৰ ক্ষেত্রত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদ নিশ্চুপ হৈ থকা বিষয়টো ৰহস্যজনক বুলিও ইংতিয়ে উল্লেখ কৰে। তেওঁ লগতে দাবী কৰে যে, কংগ্রেছৰ আমোলত সীমান্তত বে-দখল উচ্ছেদ কৰা হৈছিল। ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত সীমান্তত ডিমাপুৰৰ পৰা পট্টা দিয়া আৰম্ভ হৈছে বুলিও বিজেপি দলক কটাক্ষ কৰে।













