![]()
বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ বিটিএডিত নিৰ্বাচনী বতাহো উত্তপ্ত হৈ পৰিছে। বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাৰ চিৰাং জিলা বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত কঠোৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফক। বিটিচিত প্ৰতিবছৰে চৰকাৰৰ ফালৰ পৰা ১৫শ কোটি টকাকৈ দিয়াৰ উপৰিও প্ৰত্যেক জাতি-জনগোষ্ঠীক সমঅধিকৰ দিয়াৰ কথাও নিৰ্বাচনী প্ৰচাৰত উল্লেখ কৰে মন্ত্ৰী শৰ্মাই। হাগ্ৰামা মহিলাৰীৰ লগতে মন্ত্ৰী চন্দন ব্ৰহ্মই চিৰাঙৰ হাগ্ৰামা দলঙৰ সমীপত দৈজিং মহোৎসৱ আয়োজন কৰি মদ আৰু জুৱাৰ পয়োভৰ ঘটোৱাৰ লগতে ৰাজ্য চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে প্ৰদান কৰা কোটি টকা নষ্ট কৰা বুলিও মন্তব্য কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে মন্ত্ৰী ব্ৰহ্মই বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে বহু অজনজাতি অধ্যুঘোষিত গাঁও অন্তৰ্ভুক্তি কৰা বুলি জানিব দি মন্ত্ৰী ড° শৰ্মাই বিটিআৰ চুক্তিৰ জৰিয়তে এনে গাঁওসমূহ কৰ্তনৰ লগতে নতুনকৈ গাঁও অনুৰ্ভূক্তিৰ ব্যৱস্থা কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ একেখন নির্বাচনী সভাতে ভাষণ প্রদান কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে এইবাৰ বিজেপিৰ নেতৃত্বতেই চৰকাৰ গঠন হ’ব৷ বিজেপিৰ চৰকাৰ হ’লে দুর্নীতিত লিপ্তসকল জে’ললৈ যাব লাগিব৷ লগতে তেওঁ কয় যে বহু সম্পত্তি গঢ়িছে হাগ্রামা আৰু বিপিএফৰ নেতাসকলে৷’ এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ নিশ্চিত বুলি তেওঁ উল্লেখ কৰে৷ উক্ত বিশাল সভাত মানাস চিৰাং সমষ্টিৰ প্ৰাক্তন পৰিষদীয় সদস্য অতিন হাজঙকে ধৰি গণ সুৰক্ষা প্ৰাৰ্থী অজয় ৰায়ৰ লগতে কেবাজনো লোক বিজেপি দলিত যোগদান কৰে।













