![]()
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত মহানগৰীত বিক্ষোভ প্ৰদৰ্শন। গুৱাহাটী ক্লাবৰ ৰটাৰীত কা’ বিৰোধী সমন্বয়ৰক্ষী সমিতি উদ্যোগত সাব্যস্ত কৰা বিক্ষোভ প্ৰদৰ্শনত উপস্থিত থাকে প্ৰায় শতাধিক প্ৰতিবাদকাৰী।
কা’ বাতিল আৰু শীঘ্ৰে চূড়ান্ত এন আৰ চি প্ৰকাশৰ দাবীৰে প্ৰদৰ্শন কৰা বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰাঞ্জল কলিতাই কয়- ছাত্ৰ সমাজে কা’ মানি লোৱা নাই আৰু নলয়। বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ থকা বাবে আন্দোলন স্থিমিত হৈছে কিন্তু ছাত্ৰ-ছাত্ৰী মাজত একে অসম প্ৰেম আছে। কলেজ খুলিলে আন্দোলন পুনৰ তীব্ৰতৰ হ’ব।
অসমবাসীয়ে কা’ নহয় এন আৰ চি লাগে। এন আৰ চিয়ে একমাত্ৰ উপায় যিয়ে অসমীয়া ভাষা-কৃষ্টি, সংস্কৃতি ৰক্ষা কৰিব। কা’য়ে অসম ধ্বংস কৰিব কিন্তু বিজেপিৰ মতে কা’য়ে অসম বচাব। ছাত্ৰ সমাজৰ দাবী- বাংলাদেশী আনি অসম বচাব নালাগে। অসমীয়া গাত অসম ৰক্ষা কৰিব পৰা ক্ষমতা আছে- কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা প্ৰাক্তন সভাপতিগৰাকীয়ে কয়।
বিগত ১১মাহ ধৰি কৃষক নেতা অখিল গগৈকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কা’ আন্দোলনকাৰীক বন্দী কৰি ৰাখিছে। তেওঁলোকৰ দুখ হ’ল বিদেশীমুক্ত অসম বিচাৰিছিল- প্ৰাঞ্জলে কয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মাই অসমৰ কথা নাভাবে, তেওঁলোকৰ চালানী চৰকাৰ ২১ত অসমত নাথাকিব। অসমবাসীয়ে চালানী চৰকাৰখনক নাগপুৰৰ আৰএছএছ কাৰ্যলয়ত থৈ আহিব। অসমত থলুৱা নেতৃত্বৰে গঠিত এখন স্থানীয় চৰকাৰ গঠন কৰা বাবে অসমবাসী সংগবদ্ধ হ’ব লাগে বুলি আহ্বান জনায় প্ৰাঞ্জলে কয়।
ছাত্ৰসকল অৰাজনৈতিক নহয়। যিয়ে অসমৰ কথা কব আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিব। আঞ্চলিক দলসমূহে ঐক্যবদ্ধ হৈ প্ৰমাণ দিয়ক কা’ আন্দোলন বিপথে পৰিচালিত কৰা নাই বুলি- এইদৰে কয় প্ৰাঞ্জলে।
উল্লেখ প্ৰতিবাদকাৰী সকলে হাতে হাতে কা’ বিৰুদ্ধে প্লে-কাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভস্থলীত উপস্থিত থাকি কা’ বিৰোধী সমন্বয়ৰক্ষী সমিতি মুখ্য আহ্বায়ক দেৱেন তামুলীয়ে কয়- কা’ বিৰোধী প্ৰতিজন কাৰাবন্দীক মুকলি দিব লাগে। অসমত গঢ়ি উঠা সাম্প্ৰদায়িক ৰাজনীতিৰো বন্ধ দাবী জনায় তামুলীয়ে। বিক্ষোভত উপস্থিত থাকে ঘনশ্যাম নাথ, পৰেশ বৰুৱা, এছএফআই নিৰঙ্কুশ নাথ।













