ASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিলাই থানাত আটক মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰী। এমএন ০৩ ২৭৫৮ নম্বৰৰ এখন বলেৰ’ বাহনত ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত ডিলাই আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত ধৰা পৰে দুই সৰবৰাহকাৰী।
গুৱাহাটীৰ ISBT-ত অমিত নামৰ এজন লোকক ড্ৰাগছ বিক্ৰী কৰি ঘূৰি অহা অৱস্থাত আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী। দুয়োজনৰে পৰা মুঠ ৮ লাখ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।
https://youtu.be/vEJKH9An-Jo
প্ৰথম অৱস্থাত লোক দুয়োজনে ড্ৰাগছ সৰবৰাহৰ কথা অস্বীকাৰ কৰিছিল যদিও পিছত আৰক্ষীৰ জেৰাত ড্ৰাগছ সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰে ধৃত লোক দুজনে৷
আটক কৰা সৰবৰাহকাৰী দুজন ক্ৰমে মণিপুৰৰ লামখ’ পাওঁ হাউকিপ (৩৬) পুৰুষ আৰু লিওনখনৰিন হাউকিপ (৪৮)মহিলা বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।













